গোৱালপাৰাত চাঞ্চল্য ৰাভা জনগোষ্ঠীয় লোকৰ ঠাইত এন আৰ চিত মুছলিম পৰিয়ালৰ নাম

উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কাম–কাজ চলিছে যদিও এই কামত নিয়োজিত একাংশ বিষয়া–কর্মচাৰীৰ ভুলৰ বাবে সম্পূর্ণ খচৰাত বিভিন্ন বিসংগতি হোৱা দেখা গৈছে৷ এন্তু আৰ চি কর্তৃপক্ষৰ নাভূত–নাশ্রুত কাণ্ডৰ বাবেই গোৱালপাৰা জিলাৰ জনজাতি ৰাভা জনগোষ্ঠীয় লোকৰ এপ্লিকেচন ৰিচিপ্ঢ নাম্বাৰ এ আৰ এনৰ বিপৰীতে সম্পূর্ণ খচৰাত অন্তর্ভুক্ত হল মুছলমান পৰিয়ালৰ নাম৷ যিয়ে জিলাখনত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি জিলাখনৰ দ্বাৰকা ৰাভাপাৰা প্রথম খণ্ড গাঁৱৰ ক্ষীৰেণ ৰাভাই মাতৃ বাতাবালা ৰাভাৰ লিগেচী ডাটা ব্যৱহাৰ কৰি এন আৰ চিৰ বাবে তেওঁৰ পৰিয়ালৰ সাতগৰাকী ব্যক্তিৰ নাম অন্তর্ভুক্তিৰ আবেদন কৰিছিল৷ তেওঁ আবেদনৰ এ আৰ এন আছিল ১০১৮৩০২০২০১৪০১৩০০০০৫৮৷ কিন্তু এন আৰ চিৰ চূডান্ত খচৰা তালিকাত উক্ত এ আৰ এনৰ বিপৰীতে নাম আহিল জহুৰা বেওৱা, জাকিৰ হুছেইন, চাহিন আৰা ইছলাম, জাহাংগীৰ আলম, আব্দুল খালেক, আব্দুৰ ৰহিম আৰু সমীৰ হুছেইনৰ নামহে৷ এন আৰ চিৰ চূডান্ত খচৰাত নাম প্রকাশ নোহোৱাত ওজৰ আপত্তি দর্শোৱাৰ বাবে কাৰণ বিচাৰি যোৱাত অধিকাংশকে এন আৰ চি কর্তৃপক্ষই টেকনিকেল এৰৰ বুলি লিখি দিয়াত বহু লোক বিপাঙত পৰিছে৷ এন আৰ চি ক্ষেত্রত হেমাহি প্রদর্শন কৰা বিষয়াসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে৷

Leave a Reply

Your email address will not be published. Required fields are marked *