প্রফুল্ল মহন্তক সাক্ষাত ভানুৰ, ৰাজনৈতিক মহলত ব্যাপক চর্চা

শীঘ্রে সক্রিয় ৰাজনীতিত যোগদান কৰিব নেকি ৰাজ্যৰ প্রাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে ৰাজ্য প্রশাসনৰ প্রাক্তন শীর্ষ বিষয়াগৰাকীয়ে ২০১৯ৰ লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নেকি এনেবোৰ বিষয়ক লৈ চর্চা অব্যাহত থকাৰ সময়তে আজি তাতপর্যপূর্ণভাৱে ভানুৱে সাক্ষাত কৰে প্রাক্তন মুখ্যমন্ত্রী তথ্য জ্যেষ্ঠ অগপ নেতা প্রফুল্ল কুমাৰ মহন্তক৷ মহন্তৰ সৈতে দীর্ঘ সময় ধৰি বৈঠকত মিলিত হয় প্রাক্তন বিষয়াগৰাকী৷ প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ দিছপুৰস্থিত বাসভৱনত আকস্মিকভাৱে উপস্থিত হৈ ভানুৱে দীর্ঘ সময় ধৰি আলোচনাত মিলিত হোৱা কার্য লক্ষণীয়ৰূপে বিবেচিত হৈছে৷ ২০১৯ ৰ লোকসভা নির্বাচনত তেওঁ তেজপুৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা আগববাব বুলিও চর্চা অব্যাহত আছে৷ এনে সময়তে প্রাক্তন প্রশাসনীয় বিষয়াগৰাকীয়ে আজি মহন্তক সাক্ষাত কৰি দীর্ঘ সময় ধৰি বৈঠকত মিলিত হোৱাৰ ঘটনা স্বাভাৱিকতে তাতপর্যপূর্ণৰূপে বিবেচিত হৈছে৷ আগত লোকসভা নির্বাচনৰ পূর্বে ভানুৱে অগপত যোগদান কৰিব নেকি বুলিও প্রশ্ণ উত্থাপন হৈছে৷ অৱশ্যে প্রাক্তন মুখ্যমন্ত্রীগৰাকীক সৌজন্যমূলকভাৱে সাক্ষাত কৰা বুলিহে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ভানুৱে৷

Leave a Reply

Your email address will not be published. Required fields are marked *