১৫ টা স্বর্ণ, ২৪ টা ৰূপ, ৩০ টা ব্রঞ্জৰ পদকেৰে ৪৫ খন ৰাষ্ট্রৰ মাজত অষ্টম স্থান এছিয়াডত ভাৰতৰ সর্বকালৰ শ্রেষ্ঠ প্রদর্শন

কেইবাটাও অভিলেখ সৃষ্টিকাৰি প্রদর্শনেৰে ভাৰতে সামৰিলে এছিয়ান গেমছৰ অভিযান৷ প্রায় দুসপ্তাহ ধৰি হোৱা বিশ্বৰ দ্বিতীয় সর্ববৃহত ক্রীডা প্রতিযোগিতাত ভাৰতে বিভিন্ন ক্ষেত্রত দেখুওৱা প্রদর্শনৰ প্রতি লক্ষ্য ৰাখি এচিয়া ক্রীডাৰ ইতিহাসত সর্বকালৰ অন্যতম শ্রেষ্ঠ প্রদর্শন হিচাপে আখ্যা দিব পাৰি৷ লগতে এই প্রদর্শনে দুবছৰ বিচত অনুষ্ঠিত হবলগীয়া অলিম্পিক প্রতিযোগিতাত ভাৰতৰ প্রদর্শনৰ মান বৃদ্ধি কৰাৰ বাবেও আশাৰ সঞ্চাৰ কৰিছে৷ ইণ্ডোনেছিয়াৰ জাকার্টা আৰু পালেমবাঙত হোৱা এই প্রতিযোগিতাত কেইবাজনো খেলুৱৈ উজলিউঠি দেশৰ বাবে শ্রেষ্ঠ প্রদর্শন কৰাৰ লগতে কেইবাটাও বিভাগত ভাৰতে প্রথমবাৰৰ বাবে পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ পদক লাভ কৰা খেলুৱৈসকলৰ ভিতৰত সৌৰভ চৌধুৰীৰ দৰে ১৬ বছৰীয়া কিশোৰৰ পৰা আৰম্ভ কৰি প্রণৱ বর্ধনৰ দৰে ষাঠি বছৰীয়া প্রবীণ খেলুৱৈও আছে৷ তদুপৰি আন এক আষ্চর্যৰ বিষয় হল যে অসমৰ স্বর্ণকন্যা হিমা দাসে তিনিটাকৈ পদকেৰে এইবাৰৰ এছিয়া ক্রীডাত অভিলেখ সৃষ্টি কৰিছে৷ কিয়নো ইয়াৰ পূর্বে অসমৰ কোনো খেলুৱৈয়ে আন্তঃৰাষ্ট্রীয় পর্যায়ত এনেধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ তদুপৰি গুৰুত্বপূর্ণ বিষয়টো হল যে ম্যানমাৰ, আফগানিস্তা আৰু নেপালৰ দৰে চুবুৰীয়া ৰাষ্ট্রতকৈ হিমা দাসে এককভাবে লাভ কৰা পদকৰ সংখ্যা বেছি৷ পাকিস্তান আৰু নেপালে প্রতিযোগিতাত অংশগ্রহণ কৰা মুঠ ৪৫ খন দেশৰ ভিতৰত ক্রমে ৩৩ আৰু ৩৪ সংখ্যক স্থান লাভ কৰিছে৷ পাকিস্তানে ৪ টা ব্রঞ্জ, নেপালে এটা ৰূপ তথা আফগানিস্তান আৰু ম্যানমাৰে এটাকৈ ব্রঞ্জৰ পদক লাভ কৰে৷ যদিহে হিমা দাসে এককভাবে এখন দেশ হিচাপে এই প্রতিযোগিতাত প্রতিদ্বন্দ্বিতা কৰিলেহেঁতেন, তেন্তে তেওঁ পদক তালিকাত ২৭ সংখ্যক স্থানত থাকিলেহেঁতেন৷ কিয়নো প্রতিযোগিতাত অংশগ্রহণ কৰা দেশসমূহৰ ভিতৰত ৩৭ খন দেশেহে পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে ইৰাকৰ দৰে ৰাষ্ট্রই যিমান সংখ্যক পদক লাভ কৰিছে, হিমা দাসে এককভাৱে লাভ কৰা পদকৰ সংখ্যা সিমান৷  মন কৰিবলগীয়া যে এইবাৰ ভাৰতে এছিয়ান গেমছত সর্বমুঠ ৬৯ টা পদক লাভ কৰিছে৷ ইয়াৰে ১৫ টা স্বর্ণ, ২৪ টা ৰূপৰ আৰু ৩০ টা ব্রঞ্জৰ পদক আছে৷ পদক তালিকাত চীনে ২৮৯ টা পদকেৰে শীর্ষত থকাৰ বিপৰীতে ভাৰত অষ্টম স্থানত আছে৷ ১৯৫১ চনৰ প্রথম এছিয়ান গেমছত ভাৰতে ১৫ টা স্বর্ণ পদক লাভ কৰিছিল৷ এইবাৰো ভাৰতে সমানসংখ্যক স্বর্ণ পদক লাভ কৰিছে যদিও ইয়াৰ মাজৰ সময়ছোৱাৰ প্রতিযোগিতাসমূহত ইমান সংখ্যক স্বর্ণ পদক লাভ কৰিব পৰা নাছিল৷ তদুপৰি আন এক গুৰুত্বপূর্ণ বিষয় হল যে এইবাৰ ভাৰতে ২৪ টা ৰূপৰ পদক লাভ কৰিছে আৰু ইয়াৰ পূর্বে কেতিয়াও ইমান পৰিমানৰ ৰূপৰ পদক লাভ কৰিব পৰা নাছিল৷ ১৫ টা স্বর্ণ পদকৰ ভিতৰত ৭ টা পদক ড্রেক এণ্ড ফিল্ড ইভেণ্টৰ পৰা আহিছে৷ ইয়াৰ ভিতৰত হিমা দাৰ স্বর্ণপদকটোও আছে৷ এইবাৰৰ এছিয়ান ক্রীডাত ভাৰতে কেইবাটাও ক্ষেত্রত আগবেোৱা অনবদ্য প্রদর্শনেৰে সমগ্র বিশ্বৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ উদাহৰণ স্বৰূপে কব পাৰি যে পষ্চিমবংগৰ জলপাইগুৰি জিলাৰ কোচ ৰাজবংশী সম্প্রদায়ৰ কন্যা স্বপ্ণা বর্মনে দৰিদ্রতা আৰু শাৰীৰিক প্রতিবন্ধকতাকো নেওচি হেপ্ঢাথলন প্রতিযোগিতাত স্বর্ণপদক কিিয়াই আনিছে৷ ভাৰতৰ ক্রীডাৰ ইতিহাসত ইয়াৰ পূর্বে কোনো খেলুৱৈয়ে হেপ্ঢাথলনত স্বর্ণপদক লাভ কৰাৰ নজিৰ নাই৷ একেদৰে মহিলাৰ ৪ x ৪০০ মিটাৰ ৰীলে দৌৰত ভাৰতে স্বর্ণপদক লাভ কৰিছে৷ এই শিতানত স্বর্ণপদক লাভ কৰাত অসম কন্যা হিমা দাসে অন্যতম গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷ মহিলাৰ ৪০০ মিটাৰ দৌৰত হিমা দাসে ৰূপৰ পদক লাভ কৰে যদিও তেও নিজৰে ৰাষ্ট্রীয় অভিলেখ ভগ কৰিবলৈ সক্ষম হৈছিল৷ একেদৰে জেভলিন থ্রত ভাৰতে প্রথমবাৰৰ বাবে লাভ কৰিছে স্বর্ণপদক৷ দেশৰ বাবে এই অনন্য কৃতিত্ব অর্জন কৰিছে নীৰজ চোপ্রাই৷ বেডমিণ্টনৰ একক শাখাত পি ভি সিন্বুূৱে ৰূপৰ পদক আৰু ছাইনা নেহৱালে ব্রঞ্জৰ পদক লাভ কৰে যদিও গুৰুত্বপূর্ণ বিষয়টো হল যে এই প্রতিযোগিতাৰ একক শাখাত ভাৰতে সুদীর্ঘ ৩৬ বছৰ বিৰতিৰ মূৰত পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূর্বে ১৯৮২ চনৰ এছিয়ান গেমছত সেই সময়ৰ বেডমিণ্টন খেলুৱৈ ছৈয়দ মোদীয়ে বেডমিণ্টনৰ একক শাখাত ব্রঞ্জৰ পদক লাভ কৰিছিল৷ পুৰুষৰ দহ মিটাৰ এয়াৰ পিষ্টল প্রতিযোগিতাত দেশৰ বাবে স্বর্ণপদক কিিয়াই আনিছে ষোল্ল বছৰীয়া কিশোৰ সৌৰভ চৌধুৰীয়ে৷ এইবাৰৰ এছিয়ান গেমছত স্বর্ণপদক লাভ কৰা ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত তেৱেই সর্বকনিষ্ঠ হোৱাৰ বিপৰীতে ব্রীজ প্রতিযোগিতাত স্বর্ণপদক অর্জন কৰা ষাঠি বছৰীয়া প্রণৱ বর্দ্ধন হল আটাইতকৈ জ্যেষ্ঠ খেলুৱৈ৷ পুৰুষৰ শ্বটপুট থ্রত তেজীন্দৰ পাল সিং টুৰে অভিলেখ সখ্যক ২০.৭৫ মিটাৰ দূৰত্বত দলিয়াই স্বর্ণপদক আজুৰি আনিবলৈ সক্ষম হয়৷ একেদৰে পুৰুষৰ ১৫০০ মিটাৰ দৌৰ প্রতিযোগিতাত মনজিত সিঙে ৩২ বছৰৰ পিচত আৰু পুৰুষৰ ত্রিপল জাম্প প্রতিযোগিতাত অৰপিন্দৰ সিঙে ৪৮ বছৰৰ মূৰত স্বর্ণপদক লাভৰ জৰিয়তে দেশৰ বাবে পদক অর্জন কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *