শিক্ষক আব্দুল ৰচিদলৈ জিলা কৃতী শিক্ষকৰ বঁটা

মৰিগাঁও জিলাৰ কপিলী শিক্ষা খণ্ডৰ অন্তর্গত মাজৰবডী প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মঃ আব্দুল ৰচিদক মৰিগাঁও জিলা প্রশাসন আৰু মৰিগাঁও বিদ্যালয়সমূহৰ পৰিদর্শকৰ কার্যালয়ৰ উদ্যোগত জিলা পুথিভডাল প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা শিক্ষক দিৱসৰ এখনি গুৰুত্বপূর্ণ সভাত জিলা কৃতী শিক্ষকৰ বঁটা প্রদান কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে৷ ১৯৯৪ চনত মাজৰবডী প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে যোগদান কৰি বিগত সময়ছোৱাত বৃত্তিৰ সমান্তৰালকৈ সমাজ সংগঠনৰ কামত নিজক আত্মনিয়োগ কৰি আগুৱাই নিজে নিজৰ জীৱনটোক৷ একেধাৰে তেখেত এগৰাকী সমাজকর্মী তথা ধর্মপৰায়ণ ব্যক্তি হিচাপে সমাজত পৰিচিত৷ আনহাতে এগৰাকী সফল শিক্ষক হিচাপেও তেখেতে ছাত্র–ছাত্রীৰ মাজত প্রতিষ্ঠা লাভ কৰিছে৷ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগত জডিত হৈ সমাজৰ উন্নয়নৰ বাবে তেখেতে  প্রতিটো কামতে নিজকে আত্মনিয়োগ কৰি ৰাইজৰ জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে৷ আব্দুল ৰচিদে এই বঁটা লাভ কৰাত উফুল্ল হৈ পৰিছে উক্ত বিদ্যালয়ৰ শিক্ষ কম গুলী, ছাত্র–ছাত্রীৰ লগতে অঞ্চলবাসী ৰাইজ৷ প্রকাশ্য যে তেখেতৰ এই সাফল্যক আঞ্চলিক ছাত্র সন্থা, জালুগুটি আঞ্চলিক কৃষক মুক্তি সংগ্রাম সমিতি, জালুগুটি ব্যৱসায় সন্থা, চৰাইবাহী কবি সন্মিলন, পূৱ মৰিগাঁও সাংবাদিক সন্থাৰ লগতে বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীস আদৰণি জনায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *