১৪ নবেম্বৰৰ পৰা ২৭ নবেম্বৰলৈ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান

অসমৰ  ৭ খন জিলা ক্রমে মৰিগাঁও, কামৰূপ গ্রাম্য, কামৰূপ মহানগৰ, নলবাৰী, তিনিচুকীয়া, ডিব্রুগড আৰু লক্ষীমপুৰত অহা ১৪ নবেম্বৰৰ পৰা ২৭  নবেম্বৰ, ২ ০১৮ লৈ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান আৰম্ভ হব৷ প্রশিক্ষণপ্রাপ্ত স্বাস্থ্যকর্মীসকলে ঘৰে–ঘৰে গৈ এই অভিযান চলাব আৰু উক্ত অভিযানৰ সময়ত প্রতি ঘৰৰ সদস্যৰ লগতে সকলো জনসাধাৰণ তথা দল সংগঠনক সহযোগিতা আগববাবলৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আহ্বান জনাইছে৷ কুষ্ঠৰোগ সমাজত দুৰাৰোগ্য বুলি এক অন্ধবিশ্বাস প্রচলিত আছে  যদিও বর্তমানৰ আধুনিক চিকিৎসাৰ দ্বাৰা এই ৰোগ সম্পূর্ণ আৰোগ্য হয়৷ প্রাৰম্ভিক পর্যায়ত চিকিৎসাৰ প্রথম পালি ঔষধ ললে, সেই ৰোগীৰ পৰা ৰোগ বিয়পি পৰাৰ অৱকাশ নাথাকে আৰু পর্যায়ক্রমে ৰোগৰ পৰা সম্পূর্ণ আৰোগ্য হৈ পৰে৷ আজি হেঙেৰাবাৰীস্থিত স্বাস্থ্য বিভাগৰ সঞ্চালকৰ কার্যালয় কক্ষত অনুষ্ঠিত মিডিয়া আৰু প্রচাৰ কমিটিৰ সভাত উপস্থিত থকা ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক, স্বেচ্ছাসেৱী সংগঠন তথা সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক সকলো প্রকাৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সঞ্চালকে আহ্বান জনায়৷ চৰকাৰৰ এনে কার্যসূচীৰ সফল ৰূপায়ণ তথা বহুল প্রচাৰ আৰু জনসাধাৰণৰ মাজত সর্বাধিক সজাগতা আনিবলৈ সংশ্লিষ্ট জিলা সমূহত সজাগতা সভা অনুষ্ঠিত কৰা আৰু আশাকর্মী তথা অঙ্গনবাদী কর্মীসকলক প্রত্যক্ষভাৱে এই অভিযানত জডিত কৰিবলৈ আজিৰ সভাই সঞ্চালকগৰাকীক পৰামর্শ আগববায়৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *