নৱেম্বৰ–ডিচেম্বৰত্ আৰম্ভ হব চৰকাৰী পর্যায়ত আধাৰ কার্ডৰ কাম

যোৱা বছৰতে ৰাজ্যত চৰকাৰী পর্যায়ত আধাৰ কার্ড প্রস্তুতৰ আৰম্ভ কৰা কাম এতিয়ালৈকে হৈ উঠা নাই৷ যোৱা বছৰ ১৯ জুনত ৰাজ্যত আধাৰ কার্ড প্রস্তুত কৰাৰ কাম পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকৰাৰ সাধাৰণ প্রশাসন বিভাগক দায়িত্ব দি ৰাজ্য চৰকাৰে নির্দেশ জাৰি কৰিছিল৷ সেই মর্মে সাধাৰণ প্রশাসন বিভাগে ৰাজ্যত আধাৰ কার্ড প্রস্তুত কৰাৰ বাবে বেচৰকাৰী সংস্থাক দায়িত্ব দিয়াৰ যো জা চলাইছিল৷ এই সম্পর্কত কামৰূপ মহানগৰ জিলা প্রশাসনৰ এক সূত্রই জনায় যে বহুত বেংকত কর্মৰত বেংক বিষয়া–কর্মচাৰীয়ে আধাৰ কার্ড হোৱা নাই৷ যাৰ বাবে বেংকবোৰত আধাৰ কার্ড প্রস্তুতৰ কাম যথেষ্ট লেহেমীয়া হৈ আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *