মালিয়াৰ পলায়ন ৰাহুল গান্ধীৰ অভিযোগ নস্যাৎ চি বি আইৰ

সুৰা সম্রাট বিজয় মালিয়াই দেশ এৰি পলায়ন কৰা ঘটনাটোৰ সৈতে চি বি আই কোনোপধ্যে জডিত নহয় বুলি স্পষ্টীকৰণ দিছে কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাটোৱে৷ কংগ্রেছৰ সভাপতি ৰাহুল গান্ধীয়ে কৰা অভিযোগ সম্পূর্ণ ভিত্তিহীন বুলি দাবী কৰিছে চি বি আয়ে৷ মালিয়াক গ্রেপ্তাৰৰ বাবে পর্যাপ্ত প্রমাণ নথকাৰ বাবে সেই সময়ত তেওঁৰ বিৰুদ্ধে লুক আউট চার্কুলাৰ সলনিৰ সিদ্ধান্ত কৰা বুলি স্পষ্ট কৰিছে চি বি আয়ে৷ তদুপৰি ৰাহুল গান্ধীয়ে কৰা অভিযোগৰ দৰে চিবি আইৰ এজন বিষয়াই সকলো সিদ্ধান্ত অকলে লব নোৱাৰে বুলিও অনুসন্ধাকাৰী সংস্থাটোৱে স্পষ্ট কৰিলে৷ উল্লেখ্য যে মালিয়াৰ পলায়নৰ বাবে চি বি আই আৰু প্রধানমন্ত্রী মোডীক জগৰীয়া কৰিছিল কংগ্রেছৰ সভাপতি ৰাহুল গান্ধীয়ে৷  তদুপৰি প্রধানমন্ত্রী মোডীৰ অনুমোদন অবিহনে চি বি আয়ে লুক আউট নটিচ সলনি কৰিব নোৱাৰে বুলি দাবী কৰি এই ঘটনাত তেওঁ জডিত থকাৰ অভিযোগ কৰিছিল ৰাহুল গান্ধীয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *